কাইলৈ মন্ত্ৰীৰুপে শপত ল’ব জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই

473

চূড়ান্ত হ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰা বিধায়কৰ নাম।

নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাই লাভ কৰিছে মন্ত্ৰিত্ব।

বৃহস্পতিবাৰে বিয়লি মন্ত্ৰীৰূপে শপত ল’ব দুয়োজনে।

বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান।

ৰাজ্যপাল জগদীশ মুখী আজি অসমৰ বাহিৰত থকা বাবেই এদিনৰ বাবে স্থগিত কৰা হৈছে শপত গ্ৰহণ কাৰ্যসূচী।

কাইলৈ গুৱাহাটীত উপস্থিত হৈ জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাক শপত বাক্য পাঠ কৰোৱাব ৰাজ্যপালে।