কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

135

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি।

বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।

ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰলৈ অসমত উপস্থিত হ’ব মুৰ্মু।

১৩ অক্টোবৰত আইআইটি গুৱাহাটীৰ এক অনুষ্ঠানত অংশ ল’ব ৰাষ্ট্ৰপতিগৰাকীয়ে।

তাৰ পিছতে ১৪ অক্টোবৰত কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতিৰ এক বিশেষ কাৰ্যসূচী।

বৃহস্পতিবাৰে দুপৰীয়া ১ বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হ’ব ৰাষ্ট্ৰপতি।

বায়ুসেনাৰ হেলিকপ্টাৰেৰে খানাপাৰালৈ আহিব ৰাষ্ট্ৰপতি মুৰ্মু।

কাইলৈ নিশা কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাব ৰাষ্ট্ৰপতিয়ে।

পিছদিনা পুৱা ৯.৩০ বজাত কামাখ্যা দৰ্শন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

দিনৰ ১১ বজাত কলাক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ কাৰ্যসূচী।

চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় ভাৰ্চুৱেলী উদ্বোধন কৰিব ৰাষ্ট্ৰপতিয়ে।

কলাক্ষেত্ৰৰ পৰাই ভাৰ্চুৱেলী উদ্বোধন কৰিব ধুবুৰী চিকিত্সা মহাবিদ্যালয়।