“কা” কাৰ্যকৰী কৰাৰ পিছতে অসমত নিৰাপত্তা বৃদ্ধি

269

কেন্দ্ৰীয় চৰকাৰে সোমবাৰে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ (কা) কাৰ্যকৰী কৰে। আইনখনে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ৩১ ডিচেম্বৰ, ২০১৪ তাৰিখে বা তাৰ আগতে ভাৰতলৈ অহা হিন্দু, জৈন, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্চীসকলক নাগৰিকত্ব প্ৰদান কৰিব। “কা” কাৰ্যকৰী কৰাৰ পিছতে দেশজুৰি প্ৰতিবাদ আৰম্ভ হৈছে। ইয়াৰ ফলত অসম, দিল্লী, নয়ডাকে ধৰি অন্যান্য ৰাজ্যত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। “কা” কাৰ্যকৰী হোৱাৰ পিছত, দেশৰ প্ৰায় সকলো ৰাজ্যৰ আৰক্ষী সতৰ্ক হৈ আছে। সমগ্ৰ দেশৰ নিৰাপত্তা সংস্থা আৰু আৰক্ষীয়েও সামাজিক মাধ্যমৰ ওপৰত দৃষ্টি ৰাখিছে। নিৰাপত্তা সংস্থাসমূহে এই কথাৰ ওপৰত দৃষ্টি ৰাখিছে যে “কা” ৰূপায়ণৰ পৰিপ্ৰেক্ষিতত কোনেও যাতে ভাৰত বিৰোধী কাৰ্যকলাপাত লিপ্ত নহয়। মিছা আৰু বিভ্ৰান্তিকৰ পোষ্ট শ্বেয়াৰক লৈ সমগ্ৰ দেশৰ চোৰাংচোৱা শাখা আৰু আৰক্ষী সতৰ্ক হৈ আছে, যাতে কোনো ভুৱা উৰাবাতৰি বিয়পি নপৰে । উল্লেখ্য যে ২০২০ চনত, অসমত “কা”-ৰ বিৰুদ্ধে সৰ্বাধিক প্ৰতিবাদ সংঘটিত হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই “কা”ক আদৰণি জনাইছে আৰু স্পষ্ট কৰি দিছে যে ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতি অৱনতি হ’বলৈ দিয়া নহ’ব। অসম আৰক্ষীয়ে ৰাজ্যজুৰি আৰক্ষী থানাসমূহক সতৰ্ক কৰি দিছে আৰু যিকোনো ধৰণৰ প্ৰতিবাদ প্ৰতিহত কৰিবলৈ বিষয়াসকলক বিশেষভাৱে সতৰ্ক হ’বলৈ কৈছে।