“
ষ্টাফৰিপোৰ্টাৰ, ২৯ এপ্ৰিল :: স্বেচ্ছাসেৱী সংস্থা হিউমেন পাৱাৰ ফাউণ্ডেচনৰ উদ্যোগত বুধবাৰে গুৱাহাটীৰ ৰাজগড়ৰ “স্বাগতম পথ”স্থিত ‘কস্তুৰী ছিলড্ৰেন কেয়াৰ হোম” শিশুসকলৰ মাজত খাদ্যসামগ্ৰী বিতৰণৰ হয়। এই সম্পৰ্কে স্বেচ্ছাসেৱী সংস্থা
টোৰ সম্পাদক অঞ্জনা দাসে কয় ” লকডাউনৰ সময়ছোৱাত আমি আৰ্তজনক সহায়ৰ হাত আগবঢ়াই আহিছোঁ। সেয়ে আজি আমি কস্তুৰী ছিলড্ৰেন কেয়াৰ হোমৰ শিশুসকলৰ মাজত কিছু পৰিমাণে খাদ্য সামগ্ৰী বিতৰণ কৰোঁ। লগতে কৰ’না ভাইৰাছৰ পৰা সজাগ কৰাৰ বাবে তেওঁলোকৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰোঁ। “
পেজ থ্ৰী নামৰ বুটিক খনে মাস্ক নিজে তৈয়াৰ কৰি আমাক সহযোগিতা আগবঢ়াইছে। আমাক এই কাৰ্যসূচীত বিশেষভাৱে সহায়ৰ হাত আগবঢ়াইছে ক্ষুদ্ৰ ব্যৱসায়ী তুলতুল কছাৰীয়ে। আমি বিগত চাৰি বছৰ ধৰি বিভিন্ন কাম কৰি আহিছো যদিও এই লকডাউনৰ সময়ত পদপথৰ লোকসকলৰ মাজত, ভাৰাতীয়া সকলৰ মাজত আহাৰ বিতৰণ, বিভিন্ন বৃদ্ধাবাস আদিত খাদ্যসমগ্রী বিতৰণ কৰি আহিছোঁ।” এই কাৰ্যসূচীত সংস্থাটোৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে। একেটা অনুষ্ঠানতে কেইবাগৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।
