কলিয়াবৰত পথ দুৰ্ঘটনাত নিহত যুৱক, আহত আন এজন

274

ঋতুপৰ্ণ শৰ্মা ,নগাঁওঃ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ কুঁৱৰীটোলৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে নিশা প্ৰায় ৮ বজাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা এজন যুৱক নিহত হোৱাৰ লগতে আন এজন যুৱক আহত হয়।

প্ৰাপ্ত বাতৰি মতে, AS 12 AE 3848 নম্বৰৰ KTM বাইকখনৰে দুই আৰোহীয়ে গৈ থকাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই পদ পথত খুন্দা মৰাৰ ফলতে কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়। ফলত দুৰ্ঘটনাটোত এজন বাইক আৰোহী নিহত হোৱাৰ লগতে আন জন আৰোহী গুৰুত্বৰ ভাৱে আহত হয়।

নিহত যুৱকজন কলিয়াবৰৰ মিলন নগৰৰ দৰ্শিত বৰা (২১) আৰু আহতজন কলিয়াবৰৰ ন-সত্ৰৰ মানস বৰা বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, কলিয়াবৰ থানাৰ সন্মুখতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত চকা ফুটি পদপথত চুচৰি যায় KTM বাইকখন। দুয়োজন বাইক আৰোহীকে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসালয়ত মৃত্যু ঘটে দৰ্শিত বৰাৰ। উদীয়মান যুৱকজনৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷