ক’লা মুকুতা কয়লাৰ নিলাম বন্ধ কৰক আৰু উত্তৰ-পূৱ কয়লা ক্ষেত্ৰক শীঘ্ৰে কাৰ্যক্ষম কৰাৰ ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলাৰ আহ্বান–চি পি আইৰ

106

ষ্টাফৰিপৰ্টাৰ, ১৭ জুন : ক’লা মুকুতা কয়লাৰ নিলাম বন্ধ কৰক আৰু উত্তৰ-পূৱ কয়লা ক্ষেত্ৰক শীঘ্ৰে কাৰ্যক্ষম কৰাৰ ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলাৰ আহ্বান জনাইছে চি পি আইয়ে। চি পি আইৰ অসম ৰাজ্য পৰিষদৰ সম্পাদক মুনিন মহন্তই এই সন্দৰ্ভত কয় “প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ নামত দেশৰ কয়লা খণ্ডক কৰ্পৰেট গোষ্ঠী, ব্যক্তিগত খণ্ডৰ হাতত গতাই দিবলৈ ৫০০ খন কয়লা ক্ষেত্ৰ ব্যক্তিগত কৰণৰ বাবে পদক্ষেপ লৈ দেশৰ জনগণৰ সকলো প্ৰতিবাদ, বিৰোধীতাক নেওচি আগবাঢ়িছে। ব্যক্তিগত গোষ্ঠীৰ হাতত তুলি দিয়াৰ স্বাৰ্থতেই ক’ল ইণ্ডিয়াই মাৰ্ঘেৰিটাৰ কয়লা ক্ষেত্ৰৰ কাম কাজ সম্পূৰ্ণ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। আমি লগতে প্ৰতি মাহৰ দ্বিতীয় শনিবাৰ আৰু তৃতীয় দেওবাৰে সম্পূৰ্ণ লকডাউন ঘোষণাৰ বাবে চৰকাৰক বিবেচনা কৰি চাবলৈ অনুৰোধ জনালোঁ। লগতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ্ৰাস কৰিবলৈ, গনহত্যা ৰোধ কৰিবলৈ দাবী জনালোঁ। এই সকলো ঘটনাৰ উপযুক্ত তদন্ত ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কৰাৰ বাবে চৰকাৰক দাবী জনালোঁ।