কলগাছিয়াৰ লাংলা সাপ্তাহিক বজাৰত শাক পাচলিৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি

172

কলগাছিয়াৰ লাংলা সাপ্তাহিক বজাৰত শাক পাচলিৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি। শাক-পাচলিৰ ক্ৰয় কৰাত জলা-কলা খাইছে এতিয়া সাধাৰণ গ্ৰাহকে। মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰক আহব্বান জনাইছে গ্ৰাহকৰ।

বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত লাংলা সাপ্তাহিক বজাৰত বিভিন্ন ধৰণৰ শাক পাচলিৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিত সৰ্বসাধাৰণ ৰাইজে বহুতো জলা-কলা খাব লগা হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বৃহত্তৰ কলগাছিয়াৰ বিভিন্ন ঠাইতো ধাৰাষাৰ বৰষুণ আৰু প্ৰবল বানপানীৰ ফলত কৃষকৰ খেতি-বাতি নষ্ট হোৱাত শাক-পাচলি দাম বৃদ্ধি হোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এফালে প্ৰলয়ংকাৰী বানপানীৰ ফলত মানুহৰ হাঁহ নচৰা অৱস্থা আনফালে বিলাহী,ভোল,
পটল,কচু,লেচেৰা,ভেন্ডি,জলকীয়া আদিৰ মূল্যবৃদ্ধিত ৰাইজৰ চৰম অসুবিধাত ভুগিবলগীয়া হৈছে। এই ক্ষেত্ৰত সাধাৰণ ৰাইজে অসম চৰকাৰক মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ দাবী জনাইছে।