কলং নৈত গা ধুবলৈ গৈ সলিল সমাধি এজন যুৱকৰ।
নগাঁৱৰ জিলাৰ ৰহাৰ সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনা।
পহুপুৰিত বন্ধুৰ পুত্ৰৰ অন্নপ্ৰাসন্ন খাবলৈ আহি নদীত গা ধুবলৈ গৈছিল যুৱকজনে।
কিন্তু হঠাতে নৈৰ পানীত ডুব যায় যুৱকজন।
লগে লগে তেওঁক উদ্ধাৰ কৰি লৈ যোৱা হয় নগাঁও চিকিৎসালয়লৈ।
কিন্তু তেতিয়ালৈকে মৃত্যু ঘটে যুৱকজনৰ।
মৃত যুৱকজন ৰহাৰ ৰজাগাঁৱৰ চিন্ময় কাকতি বুলি জানিব পৰা গৈছে।
বৃহস্পতিবাৰে দুপৰীয়া সম্পন্ন কৰা হয় চিন্ময়ৰ মৰোণত্তৰ পৰীক্ষা।
যুৱকজনৰ মৃত্যুক লৈ সৃষ্টি হৈছে শোকাকুল পৰিস্থিতিৰ।
