কলং নদীৰ পাৰত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

158

নগাঁও জিলাৰ কলং নদীৰ পাৰত শনিবাৰে উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ।

খবৰ অনুসৰি নগাঁও চহৰৰ নেহৰু বালি অঞ্চলৰ সমীপত নৈৰ ওপৰত থকা দলঙৰ তলত উদ্ধাৰ হয় মৃতদেহটো।

নিহত নগাঁৱৰ ভগনীয়া চুকৰ নিবাসী যোগেন ৰায় বুলি জানিব পৰা গৈছে। যোৱা ৭ দিন ধৰি তেওঁ সন্ধানহীন হৈ আছিল বুলি জানিব পৰা গৈছে।

বিষয়াসকলে জনোৱা মতে, মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে যোৱা মাহত গুৱাহাটীৰ বশিষ্ঠ অঞ্চলত ৰহস্যজনকভাৱে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল। সূত্ৰ অনুসৰি মৃতদেহটো এটা ড্ৰেইনত উদ্ধাৰ কৰা হৈছে আৰু তেওঁৰ শৰীৰত এটা ৰড বিন্ধি উদ্ধাৰ কৰা হৈছে।