কমলপুৰৰ দালাং গাঁৱৰ নিকিতা, তৃষ্ণা, অংকিতাৰ ব্যতিক্ৰমী পদক্ষেপ

101

পৱন নীল কাশ্যপ, চাংসাৰি:- কৰোণা মহামাৰীৰ সময়ত স্কুল সমূহ বন্ধ হৈ থকাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ প্ৰতি ধাউতি লাহে লাহে কমিব ধৰিছে আৰু তেনে সময়ত দালাং গাঁৱৰ ৩ গৰাকী যুৱতীয়ে আৰম্ভ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ।

অধ্যয়নৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ মনোনিবেশ কৰিবলৈ গাঁওখনৰ নিকিতা নাথ, তৃষ্ণা নাথ আৰু অংকিতা নাথ নামৰ যুৱতী কেইগৰাকীয়ে প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আৰম্ভ কৰিছে বিনামূলীয়া পাঠদান। লগতে শিক্ষাৰ্থী সকলক সাধাৰণ জ্ঞান প্ৰদানৰো কষ্টসাধ্য প্ৰচেষ্টা হাতত লৈছে এই কেইগৰাকী যুৱতীয়ে।

পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ বিদ্যালয়ৰ পাঠদানৰ দৰেই নিকিতা, তৃষ্ণা আৰু অংকিতাই অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠ দান কৰাই আহিছে। যুৱতী কেইগৰাকীৰ এই পদক্ষেপক এতিয়া শলাগিছে অঞ্চলটোৰ সচেতন মহলে।