কমলপুৰত পথৰ দাঁতিত জীৱন্তে উদ্ধাৰ সদ্যজাত দেৱশিশু…

103

আইৰ সমান হ’ব কোন, নৈৰ সমান বব কোন! মাতৃতকৈ উৰ্ধ্বত কোনো নহয়। কিন্তু সমাজত এনে বহু মাতৃও আছে যিয়ে নিজৰ কলংক ঢাকিবলৈকে পথৰ দাঁতিত, ডাষ্টবিনত নিজৰ সদ্যজাত দেৱ শিশুটোক পেলাই থৈ যাবলৈ অলপো কুণ্ঠাবোধ নকৰে।

তেনে এটি দেৱশিশুৱে বুধবাৰে উদ্ধাৰ হৈছে বাইহাটাৰ কমলপুৰত। কমলপুৰ সমষ্টিৰ অন্তৰ্গত ৰাইপাটত বুধবাৰে পুৱা পথৰ দাঁতিত এটি সদ্যজাত দেৱশিশুক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কোনো পাষাণ মাতৃয়ে পেলাই থৈ যোৱা দেৱ শিশুটোক স্থানীয় লোকে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে। শিশুটিৰ পিতৃ-মাতৃৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।