কমলপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ বিৰুদ্ধে গোচৰ

117

পৱন নীল কাশ্যপ, চাংসাৰীঃ কমলপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ বিৰুদ্ধে গোচৰ । ৰঙিয়া থানাত দিগন্ত কলিতাৰ বিৰুদ্ধে গোচৰ তৰিলে কংগ্ৰেছ দলৰ যুুৱ নেতা পাৰ্শ্ব কলিতাই । পাৰ্শ্ব কলিতা হৈছে প্ৰয়াত বিধায়িকা উত্তৰা কলিতাৰ পুত্র ।

পাৰ্শ্ব কলিতাৰ অভিযোগ – ফোনযোগে মৃত্যুৰ ভাবুকি দিছে দিগন্ত কলিতাই । তাৰ পিছতে পোন্ধৰ-বিশ জনীয়া সহযোগীৰ সৈতে যুুৱ নেতা পাৰ্শ্ব কলিতাক আক্ৰমণৰ বাবে বিচাৰি ফুৰাৰ অভিযোগ । উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহি আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হৈ আৰক্ষীক গতিয়াই অধিক লোক প্ৰবেশ কৰাৰ চেষ্টা কৰিছিল ।

আনকি ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকাৰ সৈতে দুব্যৱহাৰ কৰিছিল বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাই । তাৰ পিছত নিৰ্বাচনৰ পিছতে পুণৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে দিগন্ত কলিতাৰ বিৰুদ্ধে ।

সম্পৰ্কত পাৰ্শ্ব কলিতা হৈছে দিগন্ত কলিতাৰ খুড়াকৰ ল’ৰা । ঘটনালৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কংগ্ৰেছ দলে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে । দিগন্ত কলিতাৰ এনে আচৰণ কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি কংগ্ৰেছে ক্ষোভ প্ৰকাশ কৰে ।