ক’ভিডৰ বাবে পিছুৱালে তিৱা মাথনলাই তখ্ৰাৰ দ্বাদশ অধিৱেশন

132

ঋতু পৰ্ণ শৰ্মা, নগাঁও: ক’ভিড পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হ’ল তিৱা মাথনলাই তখ্ৰা (তিৱা সাহিত্য সভা)ৰ দ্বাদশ কেন্দ্ৰীয় সাধাৰণ অধিবেশন। নগাঁও জিলাৰ সীমান্তৱৰ্তী বাৰপূজীয়াৰ ৪২ৰ শ্বহীদ হেমৰাম পাতৰ ক্ষেত্ৰত অনুষ্ঠিতব্য অধিবেশনৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল যদিও ১০ৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ হ’ব লগীয়া অধিবেশনখনি ২৫ৰ পৰা ২৭ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছে ।

নগাঁও জিলাৰ উপায়ুক্তৰ লগত হোৱা আলোচনা মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সভাৰ প্ৰধান সম্পাদক ড° বিদ্যুৎ বিকাশ সেনাপতি, আদৰণী সমিতিৰ সম্পাদক বলীন্দ্ৰ ডেকাৰজা, আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি দুলেন চন্দ্ৰ দেউৰী, উপ-সভাপতি গণেশ চন্দ্ৰ ডেকা, কেন্দ্ৰীয় উপ-সভাপতি দীপেন্দ্ৰ নাথ বৰদলৈ, শৰৎ চন্দ্ৰ পাটৰকে ধৰি বহুকেইগৰাকী বিষয়ববীয়াই এক সংবাদমেলত এই কথা সদৰী কৰে ।

সংবাদমেলত সদৰী কৰা মতে বাৰপূজীয়াৰ ৪২ৰ শ্বহীদ হেমৰাম পাতৰ ক্ষেত্ৰত এই অধিবেশনৰ বাবে প্ৰায় ডেৰ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছিল। ইয়াৰ বাবে অভ্যৰ্থনা সমিতি আৰু কেন্দ্ৰীয় সমিতিয়ে পূৰ্ণোদ্যমে প্ৰস্তুতিমূলক কাম-কাজ আগবঢ়াই নিছিল। কিন্তু সাম্প্ৰতিক সময়ত বিশ্বত দেখা দিয়া কৰ’ণা মহামাৰীৰ ভয়াৱহতাৰ বাবে অধিবেশনৰ বাবে প্ৰস্তুতি পৰ্বত থমকি ৰ’বলগীয়া হৈছে। শেহতীয়াকৈ কৰ’ণা মহামাৰী সম্পৰ্কীয় বাধা-নিষেধৰ কিছু শিথিলতালৈ লক্ষ্য কৰি তিৱা মাথনলাই তখ্ৰাৰ কেন্দ্ৰীয় সমিতি আৰু অভ্যৰ্থনা সমিতিয়ে আগন্তুক অধিবেশনখনি ১০ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰ পৰিবৰ্তে ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ পিছুৱাই অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

পূৰ্ব নিৰ্ধাৰিত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে যিসকল সন্মানীয় বিশিষ্ট ব্যক্তিক আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা কৰা হৈছিল সেইসকল সদাশয় ব্যক্তিক নিৰ্ধাৰিত তাৰিখ অনুসৰি কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছে সংবাদমেলৰ জৰিয়তে। তিৱা মাথনলাই তখ্ৰাৰ দ্বাদশ কেন্দ্ৰীয় সাধাৰণ অধিবেশনখনি সাফল্যমণ্ডিত কৰিবলৈ সকলো ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।