“কভিড-১৯” ত আক্ৰান্ত হৈছে গুৱাহাটীৰ এপল’ হাস্পতালৰ চিকিত্সক। আক্ৰান্ত হোৱা চিকিত্সক গৰাকীৰ নাম ডা০ দিব্যজ্যোতি দত্ত বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিছে। শুকুৰবাৰে নিশা চিকিত্সকগৰকীৰ দেহত “কভিড-১৯” ৰ অৱস্থিতি ধৰা পৰে। জানিব পৰা মতে, এপ’ল হাস্পতালৰ হৃদৰোগ বিভাগৰ চিকিত্সক ডা০ দিব্যজ্যোতি দত্ত। চিকিত্সক গৰাকীৰ পত্নী ডা০ স্মৃতি পাঠকৰ দেহতো ধৰা পৰে “ক’ভিড-১৯’ । ডা০ স্মৃতি পাঠক গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ৰ পেথ’লজী বিভাগৰ চিকিত্সক। ইতিমধ্যে দুয়োগৰাকীক গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।আনহাতে দুয়োগৰাকীয়ে চিকিত্সা প্ৰদান কৰা লোকসকলৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।