ক’ভিড-১৯ আক্ৰান্ত হৈ অসমত প্ৰথমজন আৰক্ষীৰ লোকৰ মৃত্যু

84

ষ্টাফৰিপৰ্টাৰ, ক’ভিড-১৯ আক্ৰান্ত হৈ অসমত প্ৰথমজন আৰক্ষীৰ লোকৰ মৃত্যু হৈছে।পল্টনবজাৰ থানাৰ জোৱান,১৬ আই আৰ বি এনৰ হাবিলদাৰ নাথ যোৱা ৭ জুলাইত ক’ভিড পজিটিভ চিনাক্ত হৈছিল।আই আই টি ক’ভিড কেয়াৰত মৃত্যু হয় জোৱানজনৰ।ক’ভিড-১৯ বিৰুদ্ধে যুঁজৰ আগশাৰীত থকা নাথৰ মৃত্যুত আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি শীৰ্ষ বিষয়াসকলে শোক প্ৰকাশ কৰিছে।অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই ছচিয়েল মিডিয়াত যোগে কয়” নিষ্ঠাৰে কৰ্তব্য পালন কৰোতে কোভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুক সাবটি লোৱা আৰক্ষী হৈছে হৰেশ্বৰ নাথ।এইগৰাকী কৰ’না যোদ্ধা অসম আৰক্ষীৰ কোভিড শ্বহীদ।মোৰ বাবে প্ৰতিগৰাকী আৰক্ষীয়েই শক্তি আৰু সাহসৰ উৎস,একো একোগৰাকী বীৰ যোদ্ধা।আজি তেনে এগৰাকী যোদ্ধাক অকালতে হেৰুৱালো।স্বাভাৱিকতেই এই দুঃসংবাদটো পাই মৰ্মাহত হৈছো।হৰেশ্বৰ নাথৰ এই ত্যাগে কোৰোনাবিৰোধী যুঁজখনত অধিক শক্তিশালী ৰূপত অংশগ্ৰহণ কৰিবলৈ আমাক সকলোকে অনুপ্ৰেৰণা যোগাব।”উল্লেখযোগ্য যে,এই পৰ্যন্ত অসম আৰক্ষীৰ ৪১২ গৰাকী বিষয়া-কৰ্মচাৰী “কোভিড-১৯”ত আক্ৰান্ত হ’বলগীয়া হৈছে আৰু ইয়াৰে ১১৬গৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে।