অসমীয়া সংগীত জগতৰ বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ সহধৰ্মিনী জ্যোৎস্না ৰহমান আৰু নাই! শুকুৰবাৰে নিশা আকস্মিকভাৱে মৃত্যুক সাৱটি লয় জ্যোৎস্না ৰহমানে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ।
প্ৰতি পল দ্বীপেন বৰুৱাৰ সংগী হৈ থকা আৰু অমৰ প্ৰেমৰ যুটী দ্বীপেন বৰুৱা আৰু জ্যোৎস্না ৰহমান আছিল এক সৰ্ব পৰিচিত নাম। পৰিয়াল আৰু সামাজিক বাধাৰ বাবে ভালপোৱা দিনৰ ৩৩ বছৰ পিছত ২০০৯ চনত বিবাহপাশত আবদ্ধ হৈছিল দ্বীপেন বৰুৱা আৰু জ্যোৎস্না ৰহমান। বিবাহৰ সময়ত দ্বীপেন বৰুৱাৰ বয়স ৬৪ বছৰ হোৱাৰ বিপৰীতে জ্যোৎস্না ৰহমানৰ আছিল ৫৯ বছৰ।
অমৰ প্ৰেম কাহিনীবোৰৰ মাজত চিৰদিন লিপিবদ্ধ হৈ থাকিব এওঁলোক দুয়োৰে প্ৰেম কাহিনীও। জ্যোৎস্না ৰহমানৰ অকাল বিয়োগত গভীৰ শোকৰ ছাঁ পৰিছে ৰাজ্যৰ সাংস্কৃতিক মহলত।
