কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ…

127

সামাজিক মাধ্যমত মানহানিকৰ ভিডিঅ’ পোষ্ট কৰি ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা চলোৱাৰ অভিযোগত জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে এজন লোকে।

পাৰ্থ প্ৰতীম মহন্ত নামৰ ব্যক্তিজনৰ অভিযোগ অনুসৰি, ২০১৯ চনৰ পৰাই কণ্ঠশিল্পী কল্পনা পাটোৱাৰী, তেওঁৰ স্বামী পাৰভেজ খান আৰু মাতৃ জয়মতী পাটোৱাৰীয়ে সামাজিক মাধ্যম- ফেচবুক, হোৱাটছএপ আৰু ইউটিউবত কেইবাটাও ভিডিঅ’ পোষ্ট কৰি তেওঁৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা চলাই আহিছে।

যাৰ বাবে দিছপুৰ থানাত পাটোৱাৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে পাৰ্থ প্ৰতীম মহন্তই।

বাংগালুৰত কৰ্মৰত পাৰ্থ প্ৰতীম মহন্তৰ অভিযোগ অনুসৰি, তেওঁৰ পত্নীৰ হাৰ্ট এটেকৰ ফলত মৃত্যু ঘটাৰ পিছতে কল্পনা পাটোৱাৰী আৰু তেওঁৰ পৰিয়ালে ২০১৯ চনৰ ছেপ্টেম্বৰৰ পৰা তেওঁৰ নাবালিকা ছোৱালীজনীক জোৰ কৰি লগত ৰাখিছে।

কণ্ঠশিল্পীগৰাকীৰ পৰিয়ালে যোৱা ৩ বছৰে তেওঁৰ কন্যাক আদালতত ভুল ভাষ্য প্ৰদান কৰিবলৈ ফুচুলাই থকা বুলিও অভিযোগ কৰে পাৰ্থপ্ৰতীম মহন্তই।

আনহাতে কল্পনা পাটোৱাৰীৰ মাতৃ জয়মতী পাটোৱাৰীয়ে তেওঁক হাৰাশাস্তি কৰাৰ উদ্দেশ্যৰে ২০১৯ চনৰ ছেপ্টেম্বৰত গুৱাহাটীৰ পাৰিবাৰিক আদালতত অভিভাৱকত্বৰ আবেদন দাখিল কৰিছিল বুলি দাবী কৰে মহন্তই। কিন্তু কল্পনা পাটোৱাৰী আৰু তেওঁৰ পৰিয়ালে আদালতৰ আদেশ অনুসৰণ নকৰি তেওঁক ১০ বছৰীয়া কন্যাৰ পৰা পৃথক কৰাৰ ষড়যন্ত্ৰ ৰচা বুলিও গুৰুতৰ অভিযোগ তোলে পাৰ্থপ্ৰতীম মহন্তই।

এনে কাৰণতে তেওঁ পৰিয়ালটোৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হোৱা বুলি মন্তব্য কৰে। ইতিমধ্যে আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিত কল্পনা পাটোৱাৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এটা অপহৰণৰ গোচৰ ৰুজু কৰা বুলিও জানিবলৈ দিয়ে মহন্তই।