বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ পৰা নিৰুদ্দেশ হোৱা ছাত্ৰজনৰ সন্ধান পোৱা গৈছে।
শুকুৰবাৰে মৰিয়নী ৰে’ল ষ্টেচনৰ পৰা ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰে ছাত্ৰ সূৰ্য্য নাৰায়ণ দাসক।
লতাশিল আৰক্ষীৰ সৈতে যোগাযোগ কৰি ল’ৰাটোক গতাই দিয়াৰ বাবে জি আৰ পিয়ে যোগাযোগ কৰিছে।
উল্লেখ কৰিব পাৰি যে কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী সূৰ্য্য বৃহস্পতিবাৰে নিশা সন্ধানহীন হৈ পৰে।
ধেমাজি জিলাৰ বাসিন্দা আছিল সূৰ্য্য। খবৰ অনুসৰি তেওঁ নিজৰ হোষ্টেল মাফিজ্জুদিন আহমেদ হাজৰিকা ছাত্ৰ নিবাসৰ পৰা ওলাই আহিছিল আৰু পুনৰ নিজৰ কোঠালৈ উভতি আহোঁতে তেওঁ নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।
ছাত্ৰজনৰ পৰিয়ালে লতাশিল থানাত নিৰুদ্দেশ হোৱাৰ প্ৰতিবেদন দাখিল কৰাৰ লগতে সেই প্ৰতিবেদনৰ ভিত্তিত আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছে।
