কংগ্ৰেছৰ পৰা বহিস্কাৰ বিধায়িকা অজন্তা নেওগক

53

ডিজিটেল ডেস্ক: অৱশেষত জল্পনা-কল্পনাৰ ওৰ পেলাই গোলাঘাটৰ বিধায়িকা অজন্তা নেওগক কংগ্ৰেছৰ উচ্চ পৰ্যায়ৰ কমিটীৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তমৰ্মে দলৰ পৰা বহিষ্কাৰ কৰা হয়৷ বিধায়িকাগৰাকীক দলৰ তৰফৰ পৰা দলত্যাগ সিদ্ধান্তৰ কাৰণ জনাবলৈ জাননী জাৰী কৰা হৈছিল যদিও তেওঁ পোনচাটেই এই অনুৰোধ প্ৰত্যাখান কৰে৷ ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক্-মুহূৰ্তত বিধায়িকাগৰাকীক বহিষ্কাৰ কৰাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে যথেষ্ট লটি-ঘটিৰ সন্মুখীন হ’বলগীয়া হ’ব বুলি মতপোষণ কৰিছে ৰাজনৈতিকভাৱে সচেতন মহলে৷
উল্লেখ্য, বিধায়িকাগৰাকীয়ে ৰাজ্যৰ শাসনাধিষ্ঠ দল বিজেপি-ত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷