কংগ্ৰেছৰ কোৰোনা টুলকিটৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

90

কোৰোনা মহামাৰীক লৈ কংগ্ৰেছে প্ৰকাশ কৰা টুলকিৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। সোমবাৰে এই আবেদনৰ শুনানি খাৰিজ কৰি উচ্চতম ন্যায়ালয়ে কয় যে যদি আবেদনকাৰীৰ টুলকিট পচন্দ হোৱা নাই, তেন্তে সেয়া নাচালেই হ’ল। কিন্তু তুচ্ছ বিষয় এটাৰে আবেদন দাখিল কৰাটো ভিত্তিহীন।

উল্লেখ্য যে, কোৰোনা মহামাৰীৰ প্ৰভাৱ সন্দৰ্ভত কংগ্ৰেছে প্ৰকাশ কৰা টুলকিটৰ এনআইএ তদন্ত বিচাৰি আবেদন দাখিল কৰা হৈছিল সৰ্বোচ্ছ ন্যায়ালয়ত। এই তদন্তত কংগ্ৰেছ দোষী সাব্যস্ত হ’লে দলটোৰ পঞ্জীয়ন বাতিল কৰিবলৈও আবেদনকাৰীয়ে ন্যায়ালয়ৰ ওচৰত আহ্বান জনাইছিল। কিন্তু উচ্চতম ন্যায়ালয়ে এই আবেদনৰ শুনানি ভিত্তিহীন আখ্যা দিয়াৰ লগতে যদি আবেদনকাৰীয়ে বিচাৰে তেন্তে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰে বুলি মন্তব্য কৰে।