কংগ্ৰেছত খহনীয়াঃ এইবাৰ কংগ্ৰেছ এৰি বিজেপিত যোগ দিব বিস্মিতা গগৈয়ে

78

বিধ্বস্ত হৈ পৰা কংগ্ৰেছৰ ওপৰত মোহভংগ ঘটিছে ইজনৰ পিছত সিজন নেতাৰ। বিগত কিছুদিনৰ ভিতৰত কেইবাগৰাকীও শীৰ্ষ কংগ্ৰেছ নেতাই দলত্যাগ কৰি অন্য দলত যোগদান কৰিছে। যাৰ বাবে ক্ৰমাৎ দুৰ্বল হৈ গৈ আছে কংগ্ৰেছৰ ভেটি।

ইয়াৰ মাজতে এইবাৰ খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা মন্ত্ৰী বিস্মিতা গগৈয়ে দলত্যাগ কৰাৰ বিষয়ে চৰ্চা চলিছে। খবৰ অনুসৰি, বিস্মিতা গগৈয়ে কংগ্ৰেছ এৰি যোগ দিব বিজেপিত।

অহা ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তে কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে বিজেপিত আনুষ্ঠানিক যোগদান কৰিব বুলি জানিব পৰা গৈছে। বিস্মিতা গগৈৰ উপৰিও আন কেইবাজনো কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলিছে।