কংগ্ৰেছ সাংসদৰ ঘৰত উদ্ধাৰ কোটি কোটি টকা! ‘ৰাহুল গান্ধী কিয় নিমাত?’- প্ৰশ্ন অমিত শ্বাহৰ

109

কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ ধীৰাজ সাহুৰ সৈতে জড়িত একাধিক গোপন স্থানত আয়কৰ বিভাগে চলোৱা অভিযানত উদ্ধাৰ হৈছে কোটি কোটি টকা। ইফালে নগদ ধন লাভৰ সন্দৰ্ভত ইণ্ডিয়া মিত্ৰজোঁটৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

তেওঁ কয়, ‘স্বাধীনতাৰ পিছত কোনো দলৰ সাংসদৰ ঘৰৰ পৰা ইমান বৃহৎ পৰিমাণৰ নগদ ধন জব্দ নহ’লহেঁতেন৷ সাংসদগৰাকীৰ ঘৰত শ শ কোটি টকাৰ নগদ ধন উদ্ধাৰ হৈছে। এই দুৰ্নীতিৰ ওপৰত সমগ্ৰ ইণ্ডিয়া মিত্ৰজোঁট নিমাত। তেখেতৰ সহযোগীসকলক ক’ব বিচাৰিছো যে কংগ্ৰেছৰ মৌনতা বুজিব পৰা কাৰণ তেওঁলোকৰ স্বভাৱটোৱেই দুৰ্নীতি, কিন্তু টিএমচি, জেডিইউ, ডিএমকে, এছপিকে ধৰি এই দলসমূহ মৌন হৈ বহি আছে। কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।’’

এজেন্সীৰ অপব্যৱহাৰৰ অভিযোগক লৈ কি ক’লে অমিত শ্বাহে?
অমিত শ্বাহে কয়, ‘এতিয়া মই বুজি পাইছো যে মোডীজীৰ বিৰুদ্ধে এজেন্সীবোৰৰ অপব্যৱহাৰ কৰা হৈছে বুলি প্ৰচাৰ অভিযানত কি চলি আছিল… কাৰণ তেওঁলোকৰ মনত এটা আশংকা আছিল যে আমাৰ দুৰ্নীতিৰ সকলো গোপনীয়তা উদঙাই দিব। ঝাৰখণ্ডৰ দৰে দুখীয়া ৰাজ্যত সংঘটিত হোৱা দুৰ্নীতিৰ পৰিসৰত চকু মুদা কুলিৰ ভাও ধৰা হৈছিল।’’

এজেন্সীৰ অপব্যৱহাৰৰ কথা কোৱাসকলকো কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আক্ৰমণ কৰিছে৷ ৰাজনৈতিক অপপ্ৰচাৰৰ বাবে সংস্থাৰ অপব্যৱহাৰ কৰাসকলে নিজৰ কৰ্মৰ দ্বাৰা উত্তৰ পাইছে বুলিও তেওঁ কয়। এনে বৃহৎ দুৰ্নীতি সংঘটিত কৰিও যদি কোনো এজেন্সীয়ে কাম নকৰে তেন্তে এজেন্সীৰ সামৰ্থ্যক লৈ প্ৰশ্ন উত্থাপন হয়। ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি ইণ্ডিয়া এলায়েন্সলৈকে সকলোৱে ইয়াৰ উত্তৰ দিব লাগে।

‘২০১৪ চনৰ পৰা দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ যুঁজ’
তেওঁ কয়, ‘ভাৰতীয় জনতা পাৰ্টিয়ে এই বিষয়টো প্ৰতিজন ব্যক্তিৰ মাজলৈ লৈ গৈ সজাগতা সৃষ্টিৰ চেষ্টা কৰিব। ২০১৪ চনৰ পৰা দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ যুঁজ চলি আছে। নৰেন্দ্ৰ মোডী চৰকাৰে বহু পদক্ষেপ লৈছে। আমি নিশ্চিতভাৱে এই দিশত জনসচেতনতা আনি ৰাইজৰ মাজলৈ লৈ যাম।’