‘কংগ্ৰেছ দলৰ অপশাসনৰ বাবেহে আঞ্চলিকতাবাদৰ উৎখান হৈছিল’

102

গুৱাহাটী: কংগ্ৰেছ দলৰ অপশাসনৰ বাবে দেশৰ আন বহু ৰাজ্যৰ দৰে অসমতো স্বাধীনতাৰ কেইবছৰমান পাছতে আঞ্চলিকতাবাদৰ উৎখান হৈছিল । সেই আঞ্চলিকতাবাদ তেতিয়া সীমিত ৰূপত নিৰ্দিষ্ট কিছু কিছু ঠাইতহে বিস্তৃতি লাভ কৰিছিল ।কিন্তু অসম গণ পৰিষদ দল গঠন হোৱাৰ পাছতহে অসমত পূৰ্ণ ৰূপত আঞ্চলিকতাবাদৰ বিকাশ ঘটে । বহু প্ৰত্যাহ্বান আহিলেও এতিয়াও অগপক বাদ দি অসমত আঞ্চলিকতাবাদ সদায় আধৰুৱা হৈ থাকিব । এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ । ১১ অক্টোবৰত ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনত অগপৰ ধাৰাপুৰ আঞ্চলিক কমিটিৰ বাৰ্ষিক অধিবেশনৰ সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ এই মন্তব্য কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

সভাত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কাৰো নাম উল্লেখ নকৰাকৈ কয় বিগত কিছুদিন ধৰি আঞ্চলিকতাবাদৰ নাম লৈ মাজে-সময়ে দুই এটা ৰাজনৈতিক দল গঠন কৰা হৈছে । কিন্তু এয়া শুভলক্ষণ নহয় আৰু ইয়ে ৰাইজক বিভ্ৰান্ত কৰিছে । কিন্তু খিলঞ্জীয়া ৰাইজে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত অহা বিধানসভাৰ নিৰ্বাচনতো অগপ-বি জে পি নেতৃত্বাধীন মিত্ৰজোটোক ভোট দিব বুলি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সদৰি কৰে ।

আনহাতে অগপৰ ধাৰাপুৰ আঞ্চলিক কমিটিৰ সভাপতি পৰেশ বৰুৱাৰ আদৰণি ভাষনৰে শুভাৰম্ভ হোৱা সভাত অগপৰ কেন্দ্ৰীয় সাংগঠনীক সম্পাদক সুভাষ শৰ্মা , পশ্চিম গুৱাহাটী সমষ্টি কমিটিৰ সাধাৰণ সম্পাদকদ্বয় ৰাজেন মেধী আৰু ৰবীন দৈমাৰী , অসম মহিলা পৰিষদৰ সভানেত্ৰী লিলি বৈশ্য , সম্পাদিকা গীতাঞ্জলি নাথ কাকতিকে ধৰি কেইবাজনো নেতাই ভাষণ দি অহা নিৰ্বাচনত ৰমেন্দ্ৰ নাৰায়ণ কলিতাক পুনৰ বিপুল ভোটেৰে বিজয়ী কৰাৰ বাবে হাতে-কামে নামি পৰিবলৈ উপস্থিত কৰ্মী সকলক আহ্বায়ক জনায় ।

আনহাতে সভাত সৰ্বসন্মতি ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক গিৰীন্দ্ৰ কাকতিক সভাপতি , সুবোধ কলিতাক কাৰ্যকৰী সভাপতি , ৰুবুল বৈশ্য , মতিউৰ ৰহমান আৰু মানৱ কলিতাক সম্পাদক , বিদ্যুৎ ৰাজবংশীকে ধৰি কেইবাজনকো সহকাৰী সম্পাদক হিচাপে লৈ অগপৰ ধাৰাপুৰ আঞ্চলিক কমিটিখন গঠন কৰা হয়। তেনেদৰে অসম যুৱ পৰিষদ , অসম মহিলা পৰিষদ , অসম শ্ৰম পৰিষদ আৰু অসম কৃষক পৰিষদৰ ধাৰাপুৰ আঞ্চলিক কমিটিৰ কাৰ্যকৰি কমিটি সমূহ গঠিত কৰা হয় ।