কঁঠিয়া সিঁচাত ব্যস্ত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা

111

ভগদত্ত ডেকা, বাইহাটাঃ অসম চৰকাৰৰ কৃষি বিভাগৰ কমিউনিটি নাৰ্চাৰীৰ ৰঙিয়া মহকুমা আৰু কামৰূপ জিলাৰ উদ্যোগত সোমবাৰে জাঁজিকোণা বীজ পামত সমূহীয়া কঠিয়াতলি আঁচনিৰ শুভ আৰম্ভণি কৰে বিধায়ক দিগন্ত কলিতাই।

এই আঁচনিৰ অধীনত প্ৰায় ৪ হেক্টৰ বিঘা মাটিত কঠিয়া সিঁচা হয় আৰু আগন্তুক দিনত এই কঠিয়াসমূহ বিপৰ্যস্ত তথা বানাগ্ৰস্থ খেতিয়ক সকলক পৰ্যায়ক্ৰমে বিতৰণ কৰি দিয়া হ’ব। উন্নত জাতৰ এই বীজ কঁঠিয়া ৰোপণ কৰাৰ পৰা ১৫০ দিনত খেতি চপাব পাৰিব। যদি কোনো কৃষক ৰাইজে এই কঁঠিয়া কৃষি কাৰ্য্যত ব্যৱহাৰ নকৰে তেনেহ’লে বিধায়ক গৰাকীৰ তত্বাৱধানত এই কৃষিভূমিত কঁঠিয়া ৰোপণ কৰি তাৰ পৰা উৎপাদিত হোৱা ধান দুখীয়া কৃষক ৰাইজৰ মাজত বিতৰণ কৰিব বুলি আশ্বাস প্ৰদান কৰে।

এই মহান পদক্ষেপৰ শুভ আৰম্ভণিৰ মূহুৰ্তত বিধায়ক গৰাকীক সংগ দিয়ে গুৱাহাটী খণ্ডৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া মুকুল বৰ্মন আৰু আন কৃষি উন্নয়ন বিষয়া সকল তথা কমলপুৰ সমষ্টিৰ বিহদিয়া জাঁজিকোণা আৰু কমলপুৰ মণ্ডলৰ সভাপতিদ্বয়ৰ লগতে বিষয়ববীয়া সকল।

এনে সৃজনীমূলক সামূহিক প্ৰচেষ্টাই অনাগত দিনত কৃষিৰ ক্ষেত্ৰত এক বিশেষ অৰিহণা যোগোৱাৰ লগতে সন্মানীয় কৃষকসকলক আগন্তুক দিনত উদগনি অনুপ্ৰাণিত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।