ওলা-উবেৰৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

67

ডিজিটেল ডেস্ক:- জনপ্ৰিয় বাহন সেৱা ওলা আৰু উবেৰে প্ৰতিযোগিতামূলক ব্যৱসায় কৰাৰ অভিযোগৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন আবেদন খাৰিজ কৰিছে ন্যায়ালয়ে। আজি ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে ওলা আৰু উবেৰে কেৰ্টেলিজেচন বা প্ৰতিযোগীতামূলক ভাবে কাম নকৰে। গতিকে এই দুই বাহন সেৱাৰ কাৰ্য্যত হস্তক্ষেপ কৰিব পৰা নাযায়।

উল্লেখ্য যে সমীৰ আগৰৱালা নামৰ এজন ব্যক্তিয়ে ওলা আৰু উবেৰে প্ৰতিযোগিতামূলক ব্যৱসায় কৰাৰ ফলত গ্ৰাহক তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন হবলগা হৈছে বুলি অভিযোগ তুলিছিল।