ষ্টাফৰিপৰ্টাৰ, ১৫ জুন : বৃহত্তৰ ওদালবাক্ৰা অঞ্চলৰ কৈলাসপুৰ নিৱাসী সমাজ সচেতন সৰবৰহী ব্যক্তি, বেংকৰ অৱসৰী বিষয়া প্ৰমোদ চন্দ্ৰ মেধিৰ ১৩ জুনত দেহাৱসান ঘটে ।কৈলাসপুৰ শিৱ মন্দিৰৰ অন্যতম প্ৰতিষ্ঠাপক ধৰ্মপৰায়ণ ব্যক্তি গৰাকীৰ মৃত্যুত তেওঁৰ চাবেক জন্মস্থান হাজো অঞ্চলৰ ক্ষেত্ৰীহাৰদিয়া আৰু ওদালবাক্ৰা অঞ্চলত শোকৰ ছাঁ পৰে । সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সামাজিক দূৰত্ব বজাই ৰাখি সীমিত লোকৰ উপস্থিতিত স্থানীয় শ’দাহ স্থানত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’য় ।ওদালবাক্ৰা জনজাতীয় যুৱ-কল্যাণ পৰিষদ,কৈলাসপুৰ শিৱ মন্দিৰ ন্যাস সমিতি,মিলিজুলি সংঘ, বৃহত্তৰ দক্ষিণ গুৱাহাটী ৰঙালী বিহু সন্মিলন, ওদালবাক্ৰা সাহিত্য সভা, নতুন সাহিত্য পৰিষদ দক্ষিণ গুৱাহাটী শাখা,সাৰ্বজনীন দক্ষিণগাঁও দুৰ্গা ‘পূজা সমিতি, কৈলাসপুৰ মহিলা সমিতি,কুণ্ডিল নগৰ মহিলা সমিতিকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গই অন্তিম শ্ৰদ্ধাঞ্জলি নিৱেদন কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।মৃত্যুৰ সময়ত তেওঁ মাতৃ, পৰিবাৰ,দুই পুত্ৰ,এগৰাকী কন্যা,এগৰাকী বোৱাৰী,এটি কণমাণি নাতিকে আদি কৰি ভাই-ভতিজাৰে পৰিপূৰ্ণ এটি বৃহৎ পৰিয়াল আাৰু অগণন শুভাকাংক্ষী গুণমুগ্ধক ইহ সংসাৰত এৰি যায় ।
