ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত নিহত একেটা পৰিয়ালৰ ৩ সদস্য

147

ওদালগুৰি জিলাৰ মাজবাটৰ অসম–অৰুণাচল সীমান্তৰ নিজৰা অঞ্চলত নিশা বন্যহস্তীৰ আক্ৰমণত নিহত হয় একেটা পৰিয়ালৰ তিনি সদস্য। ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ লগতে বন্যহস্তীৰ আক্ৰমণক লৈ আতংকৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত নিজৰা অঞ্চলৰ কমলাবাৰীত সংঘটিত হয় এই ঘটনা। নিশা বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা এটা হাতীৰ জাকৰ আক্ৰমণত নিহত হয় নবীন বসুমতাৰী (৫৩), জামিনী বসুমতাৰী (৩৩) আৰু হাদানশ্বা বসুমতাৰী (ডেৰ বছৰ)ৰ।

ইফালে হাতীৰ আক্ৰমণত কোনোমতে প্ৰাণৰক্ষা পৰে নিজৰা বসুমতাৰী নামৰ এগৰাকী ৭ বছৰীয়া কণমানিৰ। হাতীৰ জাকটোৱে গাঁওখনত প্ৰৱেশ কৰি কেইবাটাও বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে খেতিপথাৰৰো অনিষ্ট সাধন কৰে।