ওদালগুৰিত টংলা প্ৰেছ ক্লাৱৰ সম্বৰ্ধনা অনুষ্ঠান

84

নৱবৰ্ষৰ পহিলা দিনটোত ওদালগুৰি জিলাৰ সাংবাদিক সংগঠন টংলা প্ৰেছ ক্লাৱে ভৈৰৱকুণ্ড নিকটৱৰ্তী স্বপনগাওঁস্থিত মাৱনসৃষ্ট অৰণ্য (গেটছেমানে)ৰ নান্দনিক পৰিবেশৰ মাজত এক বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। এই অনুষ্ঠানত ওদালগুৰি জিলাৰ দুগৰাকী সাংবাদিকসহ সামাজিক ক্ষেত্ৰত সেৱা আগবঢ়াই অহা মুঠ চাৰিগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়। টংলা প্ৰেছ ক্লাৱৰ সভাপতি উজ্বল কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ সম্বৰ্ধনা সভাত ওদালগুৰি জিলাৰ কলাইগাওঁৰ জ্যেষ্ঠ সাংবাদিক তথা দ্য আসাম ট্ৰিবিউন কাকতৰ স্থানীয় সাংবাদিক জয়ন্ত কুমাৰ দাস, ওদালগুৰিৰ অসমীয়া প্ৰতিদিন আৰু ডিৱাই ৩৬৫ চেনেলৰ স্থানীয় সাংবাদিক গুনজিৎ দাস, হৰিশিঙা ৰাজহ চক্ৰ বিষয়া ৰিতুত্তম বৰা আৰু জলসিঞ্চন বিভাগৰ টংলা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সত্যৰাম কলিতাক দেশত কৰ’ণা মহামাৰীৰ দুৰ্যোগৰ দিনতো সমাজৰ বাবে আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

সম্বৰ্ধনা অনুষ্ঠানৰ লগতে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত সাংবাদিক ৰাম উপাধ্যায়ে বাঁহী বাদন আৰু গীত পৰিৱেশনেৰে দৰ্শকক আপ্লুত কৰি তোলাৰ লগতে সম্বৰ্দ্ধিত সাংবাদিক গুণজিৎ দাসে নাটকৰ সংলাপেৰে সকলোকে আনন্দ প্ৰদান কৰে।অনুষ্ঠানত উদিয়মান কণ্ঠশিল্পী অস্মিতা শৰ্মাই গীতৰ শৰাই আগবঢ়ায়।