ওকলা ৰিপোৰ্টত ভি হৈছে উত্তৰ-পূব ভাৰতৰ দ্ৰুততম নেটৱৰ্ক প্ৰদানকাৰী

116

নেটৱৰ্ক ডায়গোনাষ্টিক এপ্লিকেচন ওকলাৰ এক ৰিপোৰ্ট অনুসৰি একেৰাহে তিনিটা কোয়াটাৰত ভাৰতত দ্ৰুততম ৪জি নেটৱৰ্ক প্ৰভাইড কৰে ভি। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত, গুৱাহাটী, আগৰতলা, ডিমাপুৰ আৰু ইম্ফলক ধৰি মুখ্য চহৰবোৰত এভাৰেজ ডাউনলোড কৰাৰ গতিৰ বাবে ভি স্পীড তালিকাৰ শীৰ্ষত উপনীত হৈছে। ওকলা ৰিপোৰ্ট অনুসৰি, ভি-য়ে ২০২১-ৰ জানুৱাৰী-মাৰ্চত অন্যান্য অপাৰেটৰৰ তুলনাত সমগ্ৰ ভাৰত ভিত্তিত ন মাহৰ মাজত নিৰন্তৰভাৱে দ্ৰুত গতি প্ৰদান কৰা একমাত্ৰ অপাৰেটৰ হিচাপে দ্ৰুততম ৪জি ডাউনলোড আৰু আপলোড গতি প্ৰদান কৰিছে।
সময়ৰ সৈতে সংগতি ৰাখি, ভি-য়ে গ্ৰাহকসকলৰ বাবে গ্ৰাহক সেৱা ৰ প্ৰৱেশাধিকাৰ ৰক্ষা কৰিছে। ভি-য়ে সদায়ে ইয়াৰ গ্ৰাহকসকলক নতুন সেৱা প্ৰদান কৰে যাৰ ভিতৰত আছে ভিআইচি-এআই-চালিত ভাৰ্চুৱেল সহায়ক, হোৱাটছএপৰ সৈতে পোষ্ট-পেইড বিল পেমেন্ট, আদিত্য বিৰলা হেল্থ ইনসুৰেন্স থকা গ্ৰাহকৰ হেল্থ ইনসুৰেন্স, মাহিলী প্ৰিপেইড ৰিচাৰ্জত ডিজনী + হটষ্টাৰৰ সদস্যতা।
ভি গিগানেটত অসমৰ দ্ৰুততম ৪জি নেটৱৰ্কত আপোনাৰ প্ৰিয়জনৰ সৈতে সংযুক্ত হৈ থাকক, ভোডাফোন আইডিয়া লিমিটেড, অসম আৰু উত্তৰ-পূব, পশ্চিম বংগ, উৰিষ্যা, বিহাৰ আৰু ঝাৰখণ্ডৰ ক্লাষ্টাৰ হেড শিৱান ভৰ্গবাই কয়, ৰাজ্যখনৰ সৰ্ববৃহৎ উৎসৱ ৰঙালী বিহু উপলক্ষে আমি সকলো অসমবাসীক সুখী, স্বাস্থ্যৱান আৰু সমৃদ্ধিশালী কামনা কৰিছো।