ৰিদিপ বৰঠাকুৰ, যোৰহাট: আজি ভাদ মাহৰ অন্তিম দিন। সমগ্ৰ অসমতে পৰম্পৰাগত ভাৱে আজি বিশ্বখনিকৰ দেৱশিল্পী বিশ্বকৰ্মাক উপাসনা কৰা হয়।এই পবিত্ৰ দিনটোতে কৃষি মন্ত্রী অতুল বৰাই ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত দেশবাসীৰ মংগলৰ বাবে চাকি, ধূপ, শৰাই আগবঢ়াই ভগৱন্তৰ আৰ্শিবাদ গ্ৰহণ কৰে।
প্ৰত্যেক বছৰে মন্ত্রীগৰাকীয়ে ঢেকীয়াখোৱা বৰনামঘৰত আৰ্শিবাদ গ্ৰহণ কৰি আহিছে। মন্ত্রীজন উপস্থিত হোৱাৰ লগে লগে বৰনামঘৰ পৰিচালনা সমিতি, বিজেপি আৰু অগপ দলৰ বিষয়ববীয়া সকলে উষ্ম আদৰণি জনায়। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্রীজনে কয় যে কৃষক সকলৰ ধানৰ উপযুক্ত মূল্যৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কৃষি উন্নতিৰ ক্ষেত্ৰত চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিৱ।
