এৰোটিক ভাল্ভ ৰিপ্লেচমেন্ট অস্ত্ৰোপচাৰ কৰা নিতু সিং ৰ সাফল্য

78

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটীৰ চৰকাৰী-বেচৰকাৰী হাস্পতাল সমূহ কৰ’না আতংকত ভুগি থকাৰ সময়তে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ পিছতে আনন্দৰ বন্যা বৈ যায় হায়াত হাস্পতালত। যোৱা ২২ জুনত হায়াত হাৰ্ট চেন্টাৰত ডাঃ সূৰজ কুমাৰ প্ৰধানৰ নেতৃত্বত শল্য চিকিৎসকৰ এটি দলে এৰোটিক ভাল্ভ ৰিপ্লেচমেন্ট অস্ত্ৰোপচাৰ কৰা নিতু সিং নামৰ ১৮ বছৰীয়া ৰোগীগৰাকীয়ে হিন্দী বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হয়। এই তথ্য প্ৰকাশ কৰিছে হায়াত হাস্পতালৰ মহাপ্ৰবন্ধক পৰাগজ্যোতি দত্তই। কাৰ্বি আংলঙৰ আদৰ্শ জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা নিতু সিঙে বিগত কেইবা বছৰ ধৰি শ্বাস প্ৰশ্বাসৰ সমস্যা, হৃদস্পন্দন বৃদ্ধি, শাৰীৰিক দুৰ্বলতা আদিত ভুগি আছিল। তাইক নিৰাময়ৰ উদ্দেশ্যে যোৱা ১৬ জুনত হায়াত হাস্পতালত ভৰ্তি কৰোৱা হয়। বছৰ বছৰ ধৰি হৃদৰোগৰ দৰে সমস্যাত ভুগি থকা সত্ত্বেও অসীম ধৈৰ্য আৰু মনোবলৰ পৰিচয় দিয়া ৰোগীগৰাকীয়ে পৰীক্ষাত দেখুওৱা সাফল্যৰ বাবে বিশিষ্ট হৃদ-শল্য বিশেষজ্ঞ ডাঃ সূৰজ কুমাৰ প্ৰধান আৰু হায়াত হাৰ্ট চেন্টাৰে নিতু সিঙক উষ্ণ সম্বৰ্ধনা জনায়। বৰ্তমান চিকিৎসাধীন হৈ আছে যদিও মেধাৱী ছাত্ৰী গৰাকী বিপদমুক্ত বুলি মহাপ্ৰবন্ধক পৰাগজ্যোতি দত্তই সদৰী কৰিছে।