এশ শতাংশৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে ধূপগুৰি কলনি বস্তি উচমান গণি জুনিয়ৰ কলেজে।আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠান ধূপগুৰি কলনি বস্তি উচমান গণি জুনিয়ৰ কলেজত উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ এশ শতাংশ উত্তীৰ্ণ হৈ অভিলেখ সৃষ্টি কৰে। শিক্ষানুষ্ঠান খনৰ পৰা প্ৰথম বিভাগত ১৪ গৰাকী দ্বিতীয় বিভাগত ১৮ গৰাকী আৰু তৃতীয় বিভাগত ৩ গৰাকী উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে এই বিদ্যালয় খনে প্ৰতিবছৰে এনে ফলাফল লাভ কৰিছে যদিওঁ কবিদ কালত পৰীক্ষাত নবহাকৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰয়ে এইবাৰ পৰীক্ষাত ধাৰাবাহিকতা অক্ষুন্ন ৰখাত বিদ্যালয় খনত উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়।
