এম্পেয়েৰে ই-ৰিক্সা কোম্পানী বেষ্টৱেৰ ৭৪ শতাংশ অংশ ক্ৰয় কৰিলে

78

ষ্টাফৰিপ’ৰ্টাৰ : গ্ৰীভছ কটন লিমিটেডৰ সম্পূৰ্ন মালিকানাধীন বৈদ্যুতিক মবিলিটীৰ সহযোগী কোম্পানী এম্পেয়েৰ ভেহিকলছে বুধবাৰে নইডা ভিত্তিক জনপ্ৰিয় E- ব্ৰেণ্ডৰ ই ৰিক্সা বিক্ৰী কৰা E-3 হুইলাৰ কোম্পানী বেষ্টৱে এজেঞ্জীজ প্ৰায়ভেট লিমিটেডৰ ৭৮ শতাংশ অংশ ক্ৰয় কৰে। এই অধিগ্ৰহণৰ জৰিয়তে এম্পেয়াৰে E-2W আৰু E-3W দুয়োটাতে শক্তিশালী উপস্থিতিৰে একত্ৰিত অন্তিম স্তৰৰ ই-মবিলিটী প্ৰদানকাৰী হৈ দ্ৰুত নতুন সূচনাকাৰী ই-ৰিক্সা খণ্ডত ইয়াৰ উপস্থিতিৰ সম্প্ৰসাৰণ কৰিব। কোম্পানীটোৱে দেশত ক্ৰয়সাধ্য ম’বিলিটীৰ প্ৰয়োজনীয়তা সমূহৰ বিস্তৃতি আৰু পিৰামিডৰ তলৰ অংশত কৰ্মসংস্থাপন সৃষ্টিৰ দিশে ক’ভিডৰ পৰৱৰ্তী সময়ছোৱাত বৃদ্ধি পোৱা ধাউতিৰ সময়তেই এই খণ্ডটোত দ্ৰুত বিকাশৰ পূৰ্বনুমান পাইছে। B2C খণ্ডৰ লগতে অতিৰিক্তভাৱে এই অধিগ্ৰহণটোৰে এম্পেয়াৰে E-3W ৰ লগতে যাত্ৰীবাহী আৰু মালবাহী বাহনৰ প্ৰয়োজনীয়তা থকা ইয়াৰ B2B গ্ৰাহকৰ বাবেও এটা সম্পূৰ্ণ প্ৰ’ডাক্ট প’টফ’লিঅ’ আগবঢ়াবলৈ সমৰ্থ হ’ব। এই সন্দৰ্ভত এম্পেয়াৰ ভেহিকলছৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্য্যবাহী বিষয়া নাগেশ বাছৱনহল্লীয়ে কয়”-এম্পেয়াৰ ভাৰতৰ দ্ৰুত বিকাশ আৰু সর্বাংগীন ই.বি পৰিস্থিতিতন্ত্ৰ যোগানকাৰী সকলৰ অন্যতম যোনে অন্তিম স্তৰৰ মবিলিটী পৰিস্থিতিতন্ত্ৰৰ বাবে মূল্য সৃষ্টি কৰিছে। অধিগ্ৰহণটোৱে E-2W আৰু E-3W খণ্ডজুৰি উৎপাদনশীলতা বৃদ্ধি কৰি বিৰতি বিহীন যাত্ৰাৰ বাবে অন্তিম স্তৰৰ মবিলিটী প্ৰডাক্ট সমূহ যোগ কৰাৰ দ্বাৰা ভাৰতীয় গ্ৰাহকসকলৰ সৈতে এম্পেয়েৰৰ সম্পৰ্ক আৰু শক্তিশালী কৰিব”।আনহাতে এই সন্দৰ্ভত এম্পেয়াৰ ভেহিকলছৰ অধ্যক্ষ বি.ভি আৰু ছুব্বুৱে কয়”- গ্ৰীভছে এম্পেয়াৰ অধিগ্ৰহণ কৰাৰ দুবছৰৰ ভিতৰতেই কোম্পানীটোৱে আশ্চৰ্য্যকৰভাৱে বৃদ্ধি লাভ কৰিছে। দেশখনত ব্যক্তিগত বাহনৰ খণ্ডটোৰ শিতানত এক পছন্দৰ আৰু ক্ৰয়সাধ্য বৈদ্যিতিক দুচকীয়া বাহন হিচাপে পৰিগণিত হৈ তাৰ পিছতেই একাধিক সাফল্য প্ৰাপ্তি কৰিছে”।