এদিন মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথ উত্তাল কৰা আজিৰ বিজেপি বিধায়কে যেতিয়া কৰে এনে উদ্ভট মন্তব্য…

123

এসময়ত তেওঁলোকেই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। ৰাজপথত পিয়াঁজৰ মালা পিন্ধি, গৰু গাড়ী চলাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল। কিন্তু এতিয়া তেনে প্ৰতিবাদকাৰীয়ে যেতিয়া ক্ষমতা লাভ কৰিলে, তাৰ পিছত যেন পট সলনি হৈ গল!

পূৰ্বৰ কংগ্ৰেছ শাসনৰ তুলনাত এতিয়া মূল্যবৃদ্ধিৰ হাৰ অনেকেই বেছি। পেট্ৰল-ডিজেলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰা বহুদিনেই হল। বাকী অত্যাৱশ্যকীয় সামগ্ৰীৰো অকাশলঙ্ঘী দামে মাধমাৰ শোধাইছে সাধাৰণ জনতাক।

কিন্তু এই পৰিস্থিতিত মূল্যবৃদ্ধিৰ পক্ষতহে থিয় হৈছে এসময়ত তাৰ প্ৰতিবাদ কৰা সকলে। কিছুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ফ্ৰী ভেকচিন দিয়াৰ বাবেই পেট্ৰলৰ মূল্য বৃদ্ধি কৰা হৈছে বুলি উদ্ভট মন্তব্য কৰিছিল।

অসমৰো গণ্য মান্য নেতা-বিধায়ক আৰু মন্ত্ৰীয়ে মূল্যবৃদ্ধিক ‘ডিফেণ্ড’ কৰি প্ৰায়ে হাস্যকৰ মন্তব্য কৰি আহিছে। তাৰ মাজতে এইবাৰ মিঠাতেলেৰ দামক লৈ নিজৰ জিভা লৰালে দিছ্পুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই।

শাসকীয় দলৰ বিধায়ক হোৱাৰ বাবেই মূল্যবৃদ্ধিক লৈ একো কব নোৱাৰে বুলি কৈও তেওঁ মিঠাতেল কমকৈ খাবলৈ আহ্বান জনালে জনতাক। তেওঁ নিজে বয়ল খায়। সুস্থ শৰীৰৰ বাবে আনকো বয়ল খাবলৈ কলে তেওঁ।

একেই উদ্ভট মন্তব্য কৰিলে ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাইও। অতুল বৰাৰ মন্তব্যক সমৰ্থন জনায় ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই কয়, “অসুস্থ মানুহে মিঠাতেল কমকৈ খাব লাগে।”

শাসকীয় বিজেপি বিধায়কৰ এনে উদ্ভট আৰু গা এৰা মন্তব্য এয়াই প্ৰথম নিশ্চয় নহয়। পিয়াঁজৰ দাম কংগ্ৰেছৰ দিনত যেতিয়া বৃদ্ধি পাইছিল, তেতিয়া ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা সকলৰ অন্যতম আছিল প্ৰশান্ত ফুকন। কিন্তু নিজৰ চৰকাৰৰ দিনত যেতিয়া পিয়াজে ৰাইজক কন্দুৱাবলৈ আৰম্ভ কৰিছিল, তেতিয়াই পিয়াজ নিদিয়াকৈ মাংসৰ আঞ্জা খাবলৈ পৰামৰ্শ দিছিল এইজন নেতাই।