এতিয়াৰে পৰা সেনাৰ হাস্পতালত চিকিৎসা প্ৰদান কৰা হব সাধাৰণ কোভিড আক্ৰান্ত ৰোগীক

55

মহামাৰী কোৰোনাৰ দ্বিতীয় সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে। এই সময়ত এতিয়া হাস্পতালত অভাৱ ঘটিছে বিচনাৰ। কোভিড আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে এতিয়া। তেনে পৰিস্থিতিলৈ লক্ষ্য ৰাখিয়েই এইবাৰ সেনাৰ হাস্পতালত সাধাৰণ কোভিড ৰোগীৰ চিকিৎসা কৰোৱাৰ দিছে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ।

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে মঙলবাৰে এক নিৰ্দেশনা জাৰি কৰি কয় যে দেশৰ বিভিন্ন প্ৰান্তত থকা সেনাৰ হাস্পতালসমূহত এতিয়াৰে পৰা সাধাৰণ কোভিড আক্ৰান্ত ৰোগীক ৰাখি চিকিৎসা প্ৰদান কৰা হব। উল্লেখ্য যে, দেশত মুঠ ৬৭ খন সেনাৰ হাস্পতাল আছে। আটাইকেইখন হাস্পতালতে সাধাৰণ কোভিড ৰোগীৰ চিকিৎসা সন্দৰ্ভত সেনাৰ তিনিওগৰাকী প্ৰধানৰ সৈতে আলোচনা অব্যাহত থকা বুলি সদৰী কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে।