এটা টুইটৰ বাবে অভিনেত্ৰী কংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু

70

ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱাটে কৃষি আইনৰ বিৰোধিতাৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা কৃষকক সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰাক লৈ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। কংগনাৰ এই টুইটটোৰ পিছতে বিৰোধী আৰু কৃষকসকল গৰজি উঠিছিল অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে। আনহাতে এখন ৰাজহুৱা আবেদনৰ শুনানি গ্ৰহণ কৰি যোৱা ৯ অক্টোবৰত কৰ্ণাটকৰ এখন বিশেষ আদালতেও কংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিছিল।

আদালতৰ এই নিৰ্দেশৰ পিছতে অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কৰ্ণাটক আৰক্ষীয়ে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, টুমকুৰু আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১০৮ আৰু ধাৰা ১৫৩ (এ)ৰ অধীনত কংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। উল্লেখ্য যে, দেশৰ প্ৰতিটো বিষয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অহা কংগনাই মায়ানগৰী মুম্বাইক পাক অধিকৃত কাশ্মীৰৰ সৈতে তুলনা কৰাক লৈও বিতৰ্কৰ সৃষ্টি হৈছিল।