এখন ১৪ লাখ টকীয়া বিদ্যুতৰ বিল! মূৰে কপালে হাত দিছে হোজাইৰ এটা পৰিয়ালে

86

সমৰ দেৱনাথ, হোজাইঃ ভুল কৰে বিভাগে, কিন্তু হাৰাশাস্তি ভুগিবলগা হয় সাধাৰণ জনতাই। এয়াই বৰ্তমানৰ অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ কাহিনী। হোজাই জিলাৰ উদয়পুৰ গাঁওৰ গ্ৰাহ্কলৈ অসম শক্তি বিতৰণ কোম্পানীয়ে প্ৰেৰণ কৰা বিদ্যুতৰ বিলে এতিয়া চকু কপালত তুলিছে সকলোৰে। গাঁওখনৰ এজন লোকে বিদ্যুৎ বিভাগৰ পৰা ১৪ লাখ টকাৰ বিল লাভ কৰাৰ পিছতে মূৰে কপালে হাত দিয়াৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

গাঁওখনৰ কেইবাগৰাকীও গ্ৰাহকে লাভ কৰিছে ৫০ হাজাৰতকৈও অধিক টকাৰ বিদ্যুতৰ বিল। বিদ্যুৎ বিভাগৰ এনে দায়িত্বজ্ঞানহীন বিদ্যুৎ বিলৰ বাবে এতিয়া হাহাকাৰ কৰিবলগা হৈছে উদয়পুৰৰ একাধিক পৰিয়ালে। খাটি খোৱা দৰিদ্ৰ পৰিয়ালসমূহে কিদৰে ইমান টকাৰ বিদ্যুৎ বিল পৰিশোধ কৰিব তাক লৈ চিন্তাত পৰিছে এই মুহূৰ্তত।

ইফালে এনে আশ্বৰ্যকৰ বিদ্যুৎ বিল সন্দৰ্ভত বিদ্যুৎ বিভাগৰ সৈতে যোগাযোগ কৰিছে গ্ৰাহকে। কিন্তু তাৰ পিছতো বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীৰৰ পৰা কোনো ধৰণৰ গুৰুত্ব লাভ নকৰাৰ অভিযোগ কৰিছে গাঁওখনৰ বহু গ্ৰাহকে।