এখন দলঙে জ্বলা-কলা খুৱাইছে ৰাইজক

87

বাক্সাত এখন দলঙে জ্বলা-কলা খুৱাইছে ৰাইজক।উল্লেখযোগ্য যে বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত পাখামাৰা, জপাদং আৰু সিনাদি জপাদং সংযোগ পথৰ মৰা পাগলাদিয়া দিৰিং নৈৰ ওপৰত দলং নোহোৱাৰ বাবে পথচাৰী লোকসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে । বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলৰ পৰা বৈ অহা মৰা পাগলাদিয়া দিৰিং নৈৰ পাখামাৰা, জপাদং আৰু সিনাদি জপাদং এই দুই পথৰ সংযোগী দিৰিং নৈৰ ওপৰত দলং নোহোৱাৰ বাবে পথচাৰী, ছাত্ৰ-ছাত্ৰী আৰু ক্ষুদ্ৰ ব্যৱসায়ী তথা বেমাৰীসকলে বহু সমস্যাৰ সন্মুখীন হৈছে ।দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ পাছতো মৰা পাগলাদিয়া দিৰিং নৈৰ পাখামাৰা, জপাদং আৰু সিনাদি জপাদং সংযোগ পথৰ ওপৰত জনসাধাৰণৰ সহায়ৰ বাবে এখন দলং নিৰ্মাণ কৰি দিয়াৰ বাবে কোনো এখন চৰকাৰ আগবাঢ়ি অহা দেখা নগ’ল । আনহাতে সুকীয়া বড়ো ৰাজ্য সৃষ্টিৰ দাবীৰে আন্দোলনৰ পিছত ভাৰত চৰকাৰৰ সৈতে তিনিবাৰ চুক্তি ক্ৰমে বি এ চি, বি টি চি আৰু বিটিআৰ চুক্তিত স্বাক্ষৰ হৈছে যদিও এই মৰা পাগলাদিয়া দিৰিং নৈৰ ওপৰত দলং নিৰ্মাণ কৰি দিয়াৰ বাবে আগবাঢ়ি অহা দেখা নগ’ল বুলি ভুক্তভোগীসকলে ক্ষোভ প্ৰকাশ কৰে ।