ডিজিটেল ডেস্কঃ ভূমিকম্পই আতংকৰ সৃষ্টি কৰিছে জম্মু-কাশ্মীৰত। মঙলবাৰৰ পৰা একেৰাহে অনুভূত হোৱা কেইবাটাও কম্পনত ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে একাধিক বাসগৃহ। মঙলবাৰৰ দুপৰীয়াৰ পৰা বুধবাৰৰ পুৱালৈকে একেৰাহে চাৰিটাকৈ ভূমিকম্প সংঘটিত হয় ভূস্বৰ্গ জম্মু-কাশ্মীৰত। জানিব পৰা মতে, ভূমিকম্পৰ ফলত দুই শিশুসহ ৫ জন লোক আহত হয়।
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মঙলবাৰে দুপৰীয়া ২:২০ বজাত অনুভূত হয় প্ৰথমটো কম্পন। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৩। উৎপত্তিস্থল আছিল জম্মু-কাশ্মীৰৰ কাটৰা। তাৰ পিছত বুধবাৰে পুৱা ৭:৫৬ বজাত জম্মু-কাশ্মীৰত পুনৰ অনুভূত হয় কম্পন। ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ গতি আছিল ৩.৫। ভূমিকম্পৰ উৎপত্তি ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ তলত। আধা ঘণ্টাৰ পিছত পুৱা ৮:২৯ বজাত চতুৰ্থটো কঁপনি অনুভৱ কৰা হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৩.৩। ভূমিকম্পৰ উৎস কিষ্টৱাৰৰ ভূপৃষ্ঠৰ পৰা ৫ কিলোমিটাৰ তলত।
স্থানীয় সংবাদ মাধ্যমে দাবী কৰিছে যে জম্মু-কাশ্মীৰত একেৰাহে ভূমিকম্পৰ ফলত ৫জন লোক আহত হৈছে। তাৰ ভিতৰত দুটা শিশুও আছে। কেইবাটাও ঘৰৰ ক্ষতিসাধন হয়। মন কৰিবলগীয়া যে বুধবাৰে নিশা ১:৩৩ বজাত দিল্লীকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত ভূমিকম্প অনুভৱ কৰা হয়। পাকিস্তান আৰু চীনকো জোকাৰি যায় ভূমিকম্পই। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৪। উৎপত্তিঃ জম্মু-কাশ্মীৰৰ ডোডা জিলা। কম্পন কেইবা চেকেণ্ডলৈকে থাকে।