এক ভয়াবহ অগ্নিকাণ্ডত এটা দৰিদ্ৰ পৰিয়ালৰ ঘৰ ভস্মীভূত হয় ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰিত

384

এক ভয়াবহ অগ্নিকাণ্ডত এটা দৰিদ্ৰ পৰিয়ালৰ ঘৰ ভস্মীভূত হয় ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰিত। সোমবাৰে দুপৰীয়া প্ৰায় ১১ বজাত সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত বৰবাৰী গাঁওৰ ৰনোজ পেগুৰ ঘৰত সংঘটিত হয় এক অগ্নিকাণ্ড।শ্ৰমিক স্বামীৰ অনুপস্থিতিত ঘৰৰ ভিতৰত পেগুৰ পত্নী আৰু ৰোগীয়া কন্যা শুই থকা অৱস্থাতে এটা বিকট শব্দ শুনিবলৈ পাই বাহিৰলৈ ওলাই আহে । এনেতে ঘৰৰ বৈদ্যুতিক মিটাৰটো জ্বলি থকা প্ৰত্যক্ষ কৰি ওচৰৰ ৰাইজক খবৰ দিযে । মাতৃ কন্যা দুয়ো প্ৰাণ বচাই চাং ঘৰৰ তললৈ নামি অহাৰ পাছত ৰাইজক খবৰ দিয়ে । সমীপৰ ৰাইজ আহি অগ্নি নিৰ্বাপনৰ চেষ্টা চলোৱাৰ সময়লৈকে সমগ্ৰ ঘৰটো জুইৰ লেলিহান শিখাই ছানি ধৰে ।