এক নং ৱাৰ্ডৰ পাচটা পথ পুন: নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

89
GUWAHATI, MAY 19 (UNI):-Assom Gana Parisahad (AGP) candidate of West Guwahati constituency, Ramendra Narayan Kalita shows the victory sign after winning Assembly seat in Guwahati on Thursday. UNI PHOTO -29U

পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ যাতায়ত আৰু পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়ণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে আজি পৌৰ সভাৰ এলেকাৰ এক নং ৱাৰ্ডৰ সদিলাপুৰ আৰু গাড়ীগাৰ পাঁচটা প্ৰধান পথৰ পুন: নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। সামাজিক দূৰত্ব বজাই ৰাখি স্বাস্থ্য বিভাগৰ পটকল মানি গড়কাপ্তানি বিভাগৰ জৰিয়তে আধাৰশিলা স্থাপন কৰা পথকেইটা হ’ল ক্ৰমে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা গেমন ইণ্ডিয়া প্ৰকল্প পথ (৭৫.০০ লাখ টকা), সদিলাপুৰৰ নদীৰপাৰ সংযোগী পথ (২৪.৩৩ লাখ টকা), সদিলাপুৰ সংযোগী প্ৰধান পথ (২৯.৯৮ লাখ টকা), গাড়ীগাঁওৰ বিদ্যানগৰ পথ (৩০.০০ লাখ টকা), আৰু গাড়ীগাঁও সংযোগী প্ৰধান পথ (৩৭.৪২ লাখ টকা)। আনহাতে এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত বিধায়কগৰাকীয়ে আটাইকেইটা পথ পুন:নিৰ্মাণ হোৱাত অঞ্চলটোৰ যাতায়ত ব্যৱস্থা বহুখিনি সুচল হ’ব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ নিৰীক্ষণ সমিতিৰ সদস্য সুভাষ শৰ্মা, গড়কাপ্তানি পথ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰহলাদ চন্দ্ৰ কাকতি, সহকাৰী কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকা, সহকাৰী অভিযন্তা নেকিবুৰ ৰহমান, কনিষ্ঠ অভিযন্তা অমল ডেকা, অগপ নেতাত্ৰয় মহেন্দ্ৰ দাস, অমিতাভ ঠাকুৰীয়া আৰু বাহাৰুল হুছেইনকে ধৰি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।