এইমছৰ প্ৰকল্পস্থলী পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰীৰ

84

ষ্টাফৰিপৰ্টাৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সৈতে চাংসাৰিত নিৰ্মীয়মান “সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান”(এইমছ্)ৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰাৰ লগতে কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সম্পূৰ্ণ হোৱাৰ পাছত এই চিকিৎসা প্ৰতিষ্ঠানখনে ৰাজ্যখনৰ স্বাস্থ্যসেৱাৰ সামৰ্থ অভাৱনীয়ভাৱে বৃদ্ধি কৰাৰ উপৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে স্বাস্থ্যখণ্ডলৈ উল্লেখনীয় পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব বুলি স্বাস্থ্য মন্ত্রী গৰাকী আশাবাদী।