এইমছত ভৰ্তি প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং

103

ডিজিটেল ডেস্কঃ অষ্টমীৰ সন্ধিয়া অসুস্থ হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁক বুধবাৰে নতুন দিল্লীৰ এইমছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে এইমছত তেওঁৰ বৰ্তমান ডঃ নীতিশ নায়কৰ তত্বাৱধানত চিকিৎসা চলি আছে।

জানিব পৰা মতে, প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী মঙ্গলবাৰৰ পৰা জ্বৰ আৰু শাৰীৰিক দুৰ্বলতাত ভুগি আছে। অৱশ্যে, তেওঁৰ পৰিয়াল বা চিকিৎসালয়ৰ তৰফৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত বৰ্তমানলৈ কোনো কথা সদৰী কৰা হোৱা নাই। কংগ্ৰেছে দাবী কৰিছে যে মনমোহন সিঙৰ স্বাস্থ্যৰ অৱস্থা স্থিৰ। নিয়মীয়া পৰীক্ষাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে, মনমোহন সিঙক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগে লগে এইমছৰ চিকিৎসালয় চৌহদটো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ অসুস্থতাৰ বাতৰি বিয়পি পৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত তেওঁৰ আৰোগ্য কামনা কৰা পোষ্টসমূহে ভৰি পৰিছে। সমান্তৰালভাৱে প্ৰচাৰ হৈছে কেতবোৰ উৰাবাতৰিও। কংগ্ৰেছ নেতা প্ৰণৱ ঝাই টুইট কৰি কয়, “ড০ মনমোহন সিঙৰ অসুস্থতাৰ বিষয়ে ভিত্তিহীন উৰাবাতৰি বিয়পি পৰিছে। তেওঁৰ শাৰীৰিক অৱস্থা স্থিৰ। নিয়মীয়া পৰীক্ষাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা প্ৰয়োজন অনুসৰি জনোৱা হ’ব’। সামাজিক গণ্যমান্য ব্যক্তিসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অসুস্থতাৰ বিষয়ে তথ্য পোৱাৰ পিছত মাইক্ৰ’ব্লগিং ছাইট টুইটাৰত আৰোগ্য কামনা কৰিছে।

উল্লেখ্য যে, ২৬ ছেপ্টেম্বৰত ডঃ মনমোহন সিঙে ৮৯ বছৰত ভৰি দিছিল। তেওঁ কিছু সময়ৰ পৰা শাৰীৰিকভাৱে বিভিন্ন ৰোগত ভুগি আছে। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী এই বছৰৰ এপ্ৰিলত কোৰোনাতো আক্ৰান্ত হৈছিল। যাৰ পিছত তেওঁক এইমছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।