এইবাৰ বাতিল নহয় অমৰনাথ যাত্ৰা

129

সমগ্ৰ দেশজুৰি  পুনৰ আৰম্ভ হৈছে  ক’ৰ’ণাৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ। এনে সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে অমৰনাথ যাত্ৰাৰ বাবে যাবতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে সাজু পৰ্বতীয় ৰাজ্য জম্মু-কাশ্মীৰৰ চৰকাৰ। শ্ৰীনগৰত চৰকাৰী মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত  প্ৰকাশ কৰা মতে এইবাৰৰ অমৰনাথ যাত্ৰাত প্ৰায় ৬ লাখ ভক্তই অংশ লোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷ স্মতৰ্ৱ্য যে যোৱা বৰ্ষত অমৰনাথ যাত্ৰাক লৈ অনিশ্চয়তাই বিৰাজ কৰিছিল ৷ যাৰবাবে উল্লিখিত বৰ্ষৰ ২৩ জুনৰ পৰা যাত্ৰা আৰম্ভ কৰা হ’ব বুলি প্ৰস্তুতি চলোৱা হৈছিল যদিও পিছত ২১ জুলাইলৈ পিছুৱাই দিয়া হয় ৷

জম্মু -কাশ্মীৰৰ মুখ্য সচিবে ক’ভিড প্ৰ’টকল অনুসৰি অমৰনাথ যাত্ৰাত ৫০০জন ভক্তই ভাগ ল’ব পাৰিব বুলি সদৰি কৰিছিল৷ তৎস্বত্বেও চৰকাৰে যাত্ৰা আৰম্ভৰ ক্ষেত্ৰত সম্পূৰ্ণ সিদ্ধান্তৰ কতৃত্ব দিয়ে শ্ৰীঅমৰনাথ শ্ৰীন বৰ্ডক ৷ কিন্ত অমৰনাথ শ্ৰীণ বৰ্ডে সকলো দিশ পৰীক্ষাৰ অন্তত ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অমৰযাত্ৰা বাতিলৰ  ঘোষনা কৰে৷ কিন্ত বিগত এটা বৰ্ষৰ অন্তত চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাৰ দিন ঘোষনা কৰিছে৷ ২৮জুনৰ পৰা ২২ আগষ্টলৈ চলিব এই যাত্ৰা৷ ক’ভিডৰ দ্বিতীয় সংক্ৰমণৰ মাজতে অমৰনাথ যাত্ৰাৰ দিন ঘোষণা কৰি জম্মু-কাশ্মীৰ চৰকাৰে ক’ভিড প্ৰ’টকল অনুসৰি প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷

উল্লেখ্য ২০২০ বৰ্ষত অমৰনাথ যাত্ৰা হ’ব নে নাই তাকে লৈ বহু দিন ধৰি চৰকাৰে চিন্তা-চৰ্চা কৰি আছিল। প্ৰথম অৱস্থাত  ২০২০ চনত ২৩ জুনৰ পৰা অমৰনাথ যাত্ৰা হ’ব বুলি কথা ওলাইছিল যদিও সেই তাৰিখ পুনৰ ২১ জুলাইলৈ পিছুৱাই দিয়া বুলি প্ৰচাৰ হৈছিল।