ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত চলি থকা দালালৰাজৰ অন্ত পেলাবলৈ তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিগত সপ্তাহত ৭০০ৰো অধিক মাটিৰ দালালক আটক কৰাৰ পিছত এইবাৰ চৰকাৰৰ লক্ষ্য হৈছে DTOৰ কাৰ্য্যালয়ৰ দালালৰাজৰ অৱসান ঘটোৱা।
মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে ৩৭১জন ডি টি অ’ৰ কাৰ্যালয়ৰ দালালৰ তালিকা আছে তেওঁৰ টেবুলত। তালিকাত থকা দালালৰ আছে বহু সম্পত্তি। এই দালাল সকলৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা লোৱা হ’ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে।
কিছুদিন পূৰ্বে ৰাজ্যজুৰি মাটিৰ দালাল চক্ৰৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল। জালত পৰিছিল ৭ শতাধিক দালাল। চৰকাৰী কাৰ্যালয়ৰ পৰা দালালৰাজ নাইকীয়া কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ।
