এইখন গুজৰাটী মামাৰ চৰকাৰঃ বিজেপিক সমালোচনা গৌৰৱ বল্লভৱ

72

ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল। উপস্থিত মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ, গৌৰৱ বল্লভ। বিজেপিক কঠোৰ সমালোচনা কমলনাথৰ। ‘যোৱা পাঁচ বছৰত অসমত কিমানে চাকৰি পালে? বিজেপিয়ে জনসাধাৰণক কেৱল আভুৱা ভাৰিছে। কংগ্ৰেছে যি প্ৰতিশ্ৰুতি দিছে সেয়া সফল কৰিছে। -গৌৰৱ বল্লভৰ মন্তব্য। এইখন গুজৰাটী মামাৰ চৰকাৰ। কিয় বিজেপিয়ে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী আজিলৈ ঘোষণা কৰিব পৰা নাই বুলিও প্ৰশ্ন কংগ্ৰেছ নেতাগৰাকীৰ। বিবেকেৰে ভোটদান কৰিবলৈ ৰাইজক আহ্বান গৌৰৱ বল্লভৰ।