‘এই নিৰ্বাচন দশা বনাম দুৰ্দশাৰ নিৰ্বাচন, এই নিৰ্বাচন উন্নয়ন বনাম ঘৃণা আৰু বিদ্বেষৰ নিৰ্বাচন’

94

ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভা নিৰ্বাচনক লৈ ৰণডংকা বজাইছে কংগ্ৰেছে। জেডিইউ নেতা তেজস্বী যাদৱৰ নেতৃত্বত বিহাৰ নিৰ্বাচনত এইবাৰ অৱৰ্তীৰ্ণ হ’ব কংগ্ৰেছ মহামিত্ৰজোঁট। শনিবাৰে এক সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছ নেতা ৰণদ্বীপ সিং সুৰজেৱালাই বিহাৰ নিৰ্বাচনত কংগ্ৰেছ মহা মিত্ৰজোঁটৰ জয় নিশ্চিত হ’ব বুলি দাবী কৰে।

কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ‘এই নিৰ্বাচন দশা আৰু দুৰ্দশাৰ মাজৰ নিৰ্বাচন। এই নিৰ্বাচন নতুন পথ আৰু নতুন আকাশ বনাম হিন্দু-মুছলমানৰ ৰাজনীতিৰ নিৰ্বাচন। এই নিৰ্বাচন তেজ বনাম ব্যৰ্থ অভিজ্ঞতাৰ দোহাই দিয়াৰ নিৰ্বাচন। এই নিৰ্বাচন স্বাভিমান আৰু উন্নয়ন বনাম বিভাজন আৰু ঘৃণাৰ নিৰ্বাচন। গতিকে এই নিৰ্বাচনত আমাৰ জয় নিশ্চিত।’

মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰজেৱালাই কয় যে এনডিএ চৰকাৰে বিহাৰত কেৱল দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ ৰাজনীতি কৰি আহিছে। উন্নয়নৰ নামত ৰাইজক ঠগি অহা চৰকাৰখনক এইবাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। আনহাতে বিহাৰত কংগ্ৰেছ তেজস্বী যাদৱৰ নেতৃত্বত চৰকাৰ গঠন হ’লেই প্ৰথমে বিধানসভাত কেন্দ্ৰীয় চৰকাৰৰ ৩ খন কৃষক বিৰোধী আইনৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত কৰা হ’ব বুলিও মন্তব্য কৰে সুৰজেৱালাই।