এ এই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ স্বাস্থ্যৰ অৱনতি

112

ষ্টাফৰিপৰ্টাৰ, এ এই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাত্‍ জটিল হৈছে। বৰ্তমান মুম্বাইত চিকিত্‍সাধীন হৈ থকা ধুবুৰী সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলত স্বাস্থ্য বৰ্তমান দ্ৰুত অৱনতি ঘটিছে বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত বদৰুদ্দিন আজমলৰ শৰীৰত হ্ৰাস পাইছে অক্সিজেনৰ পৰিমাণ। সাংসদগৰাকী কৰ’নাত আক্ৰান্ত হৈছে বুলিও একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। দিছপুৰৰ পৰাই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিত্‍সালয়ৰ লগত ফোন যোগে যোগাযোগ স্থাপন কৰিছে।