উৎসৱৰ বতৰত পুনৰ উৰ্দ্ধমুখী কোৰোনাৰ গ্ৰাফ! বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও

115

ডিজিটেল ডেস্কঃ এফালে দুৰ্গা পূজা, আনফালে নৱৰাত্ৰি। সমগ্ৰ দেশজুৰি এতিয়া উৎসৱৰ পৰিবেশ। কিন্তু তাৰ মাজতে পুনৰ এবাৰ আতংকৰ সৃষ্টি কৰিছে কোৰোনাৰ ঊৰ্ধমুখী গ্ৰাফে। বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ১৮,৯৮৭ জন লোক নতুনকৈ কোৰোনাৰ দ্বাৰা আক্ৰান্ত হৈছে। যিটো বুধবাৰৰ তুলনাত অলপ বেছি। ইয়াৰ ফলস্বৰূপে, দেশত মুঠ কৰোনা পীড়িতৰ সংখ্যা হৈছে ৩৪ নিযুত ২০,৭৩০ জন।

ইফালে, দেশখনত এদিনতে ২৪৬ জন লোকে প্ৰাণ হেৰুৱাইছে কোভিডৰ ফলত। আগৰ দিনৰ তুলনাত এই সংখ্যাও বৃদ্ধি পাইছে। এতিয়ালৈকে, দেশত ৪৫১,৪৩৫ জনৰ কোভিডৰ ফলত মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদনত কোৱা হৈছে যে বৰ্তমান দেশখনৰ কোৰোনাত চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ২৬,৫৮৬ জন। একে সময়তে, দেশৰ কোভিডৰ পৰা আৰোগ্য লাভৰ হাৰে আশাৰ সঞ্চাৰ কৰিছে। যোৱা ২৪ ঘণ্টাত, ১৯,৮০৮ জন লোকে আৰোগ্য লাভ কৰিছে।