উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ শিক্ষা বিষয়া লাচিত বসুমতাৰী

248

দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা অভিযান অব্যাহত ৰাখি বুধবাৰে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতে-লোটে কৰায়ত্ব কৰে কামৰূপ জিলাৰ এজন চৰকাৰী কৰ্মচাৰীক।

ধৃত ব্যক্তিজন ৰাণীৰ ব্লক প্ৰাথমিক শিক্ষা বিষয়া লাচিত বসুমতাৰী বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি বসুমতাৰীয়ে চাৰ্ভিচ বুক আপডেট কৰি এল পি চি জাৰি কৰাৰ বাবে উৎকোচ দাবী কৰিছিল।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াগৰাকীক গ্ৰেপ্তাৰ সন্দৰ্ভত টুইটযোগে জানিবলৈ দিয়ে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জিপি সিঙে।

ৰাজ্যজুৰি সকলো ধৰণৰ দুৰ্নীতিৰ কাৰ্যকলাপ ৰোধ কৰিবলৈ অসম আৰক্ষীৰ লগতে দুৰ্নীতি বিৰোধী কোষটোৱে কঠোৰ সতৰ্কতা অৱলম্বন কৰিছে। যোৱা কেইমাহমানৰ পৰা উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত ৰঙাঘৰত ধৰা পৰিছে ৰাজ্য চৰকাৰৰ বহু বিষয়া।

উৎকোচৰ গোচৰ ৰুজু কৰিবলৈ নাগৰিকে ১৮০০-৩৪৫-৩৭৬৭ নম্বৰ হেল্পলাইনো জাৰি কৰিছে আৰক্ষীয়ে।